Local, Vocal, Global

Blinken to Israel Visit : ইজৰাইল ভ্ৰমণ কৰিব আমেৰিকান বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১অক্টোবৰ : ইজৰাইল ভ্ৰমণ কৰিব এণ্টনি ব্লিঙ্কেনে । বুধবাৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইজৰাইল ভ্ৰমণ কৰিব(Blinken to Israel Visit) ।

উল্লেখ্য যে ,মঙলবাৰে আমেৰিকাই কয় যে “আমাৰ ইজৰাইলী বন্ধুসকলৰ পৰিস্থিতিৰ বিষয়ে পোনপটীয়াকৈ জানিবলৈ বিদেশ সচিবে ইজৰাইল ভ্ৰমণ কৰিব” । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে এক বিবৃতিত কয় যে “বিদেশ সচিব এণ্টনি জে ব্লিঙ্কেনে ১১-১৩ অক্টোবৰলৈ ইজৰাইল আৰু জৰ্ডান ভ্ৰমণ কৰিব আৰু তাত তেওঁ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰিব ।”লগতে বিদেশ সচিবে ইজৰাইলৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিব । তেওঁ পেলেষ্টাইনৰ আক্ৰমণক কঠোৰে ভাষাৰে গৰিহণা দিছে(US Secretary of State Antony Blinken to visit Israel ) ।

বিবৃতিটোত লগতে কোৱা হৈছে যে , “বিদেশ সচিবে ইজৰাইল চৰকাৰ আৰু জনসাধাৰণৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন পুনৰ নিশ্চিত কৰিব ।”আনহাতে, বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে কয়, ” শনিবাৰৰ আক্ৰমণৰ পিছৰে পৰা তেওঁ আৰু ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ সৈতে কৰা আলোচনা অব্যাহত ৰাখিবলৈ অপেক্ষা কৰি আছে আৰু ব্লিঙ্কেনে ইজৰাইল চৰকাৰৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব ।” বিবৃতিটোত লগতে কোৱা হৈছে যে ব্লিঙ্কেনে ইজৰাইলৰ নিৰাপত্তা বৃদ্ধিৰ পদক্ষেপৰ বিষয়েও আলোচনা কৰিব আৰু ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অটল সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

ইফালে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে কয় যে কিমানজন আমেৰিকান নাগৰিকক বন্দী কৰা হৈছে সেয়া স্পষ্ট নহয় । “আমি তেওঁলোকৰ অৱস্থাৰ বিষয়ে নাজানো আৰু কিমান সংখ্যক আমেৰিকান নাগৰিকক বন্দী কৰা হৈছে সেয়া নিশ্চিতকৈ ক’ব নোৱাৰোঁ । আমি আমেৰিকানসকলৰ যাতে কোনো ধৰণৰ হানি-বিঘিনি নহয় সেয়া নিশ্চিত কৰিবলৈ কাম কৰিম । লগতে কিমান সংখ্যক আমেৰিকানক ক’ত বন্দী কৰি ৰখা হৈছে সেই তথ্যও সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম । আমি সেই তথ্য পোৱাৰ লগে লগে আপোনালোকক জনাম(Blinken to pay solidarity visit to war-hit Israel as Hamas attack kills thousands) ।

তেওঁ লগতে কয়, “আপোনালোকে জানেনে অতি কৰুণ আৰু দুখজনকভাৱে পাৰ হৈ যোৱা প্ৰতিটো ঘণ্টাৰ লগে লগে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে । ই আমেৰিকানসকলৰ ক্ষেত্ৰতো সঁচা । বৰ্তমান আমেৰিকান নাগৰিকৰ মৃত্যুৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে ।” আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনেও ইজৰাইলত ১৪ জন আমেৰিকানৰ মৃত্যু নিশ্চিত কৰিছে আৰু লগতে কয় যে ইজৰাইলত বহুসংখ্যক আমেৰিকান বন্দী হৈ আছে ।

লগতে পঢ়ক :Afghanistan earthquake : বিধ্বংসী ভূমিকম্পৰ উদ্ধাৰ অভিযান মাৰ নৌযাওঁতেই পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল দেশ