Missing F 35 jet : অৱশেষত উদ্ধাৰ সন্ধানহীন আমেৰিকাৰ যুঁজাৰু বিমান এফ-৩৫

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ছেপ্টেম্বৰ : অৱশেষত উদ্ধাৰ সন্ধানহীন আমেৰিকাৰ যুঁজাৰু বিমান এফ-৩৫(Missing F 35 jet) । দেওবাৰে আবেলি সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা আৰু তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল আমেৰিকাৰ যুঁজাৰু বিমান (US searching for missing F 35 jet after pilot ejects safely during mishap) ।
উল্লেখ্য যে যোৱা দেওবাৰে দুৰ্ঘটনাটো দক্ষিণ কেৰোলিনাৰ গ্ৰামাঞ্চলত সংঘটিত হৈছিল। সেই সময়ত বিমানখনৰ পৰা পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল । কিন্তু বিমানখন সন্ধানহীন হৈ আছিল । সামৰিক বাহিনীয়ে বিমানখন চিনাক্তকৰণৰ বাবে ৰাইজৰ সহায়ো বিচাৰিছিল । দুৰ্ঘটনাটোৰ পাছৰে পৰা বিভাগীয় কৰ্তৃপক্ষই বিমানখনৰ সন্ধান বিচাৰি আছিলে ।
জয়েন্ট বেচ চাৰ্লষ্টনে ফেচবুকত এক বিবৃতিত কোৱা অনুসৰি, বিমানখন মেৰিন কৰ্পছ এয়াৰ ষ্টেচন বিউফোৰ্টৰ লকহিড মাৰ্টিন এফ-৩৫ লাইটনিং ২ আছিল । দুৰ্ঘটনাটোৰ সময়ত পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল যদিও বিমানখন সন্ধানহীন হৈ আছিল । অৱশেষত আজি উদ্ধাৰ হৈছে আমেৰিকাৰ যুঁজাৰু বিমান এফ-৩৫(Missing F-35 fighter jet found after crash near Charleston, S.C.) ।
জানিব পৰা মতে, ৱিলিয়ামছবাৰ্গ কাউণ্টিত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পোৱা গৈছে । ৱিলিয়ামছবাৰ্গ কাউণ্টিত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ লগে লগে প্ৰশাসনে উদ্ধাৰ অভিযানত তৎপৰতা দেখুৱাইছে । প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে অঞ্চলটোত আৰু আৱাসীসকলক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক :US F 35 jet missing : আমেৰিকাৰ যুঁজাৰু বিমান সন্ধানহীন