US F 35 jet missing : আমেৰিকাৰ যুঁজাৰু বিমান সন্ধানহীন
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : আমেৰিকাৰ যুঁজাৰু বিমান সন্ধানহীন(US F 35 jet missing) । দেওবাৰে আবেলি সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা । জানিব পৰা মতে, তেতিয়াৰে পৰা বিমানখনৰ কোনো সন্ধান পোৱা নাই(US searching for missing F 35 jet after pilot ejects safely during mishap) ।
দেওবাৰে বিয়লি সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ ফলত পাইলটজন বিমানখনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল । কিন্তু বৰ্তমানলৈ বিমানখনৰ কোনো সন্ধান লাভ কৰা নাই ।
উল্লেখ্য যে, দুৰ্ঘটনাটোৰ পাছৰে পৰা বিভাগীয় কৰ্তৃপক্ষই বিমানখনৰ কোনো সন্ধান উলিয়াব পৰা নাই । জয়েন্ট বেচ চাৰ্লষ্টনে ফেচবুকত এক বিবৃতিত কোৱা অনুসৰি, বিমানখন মেৰিন কৰ্পছ এয়াৰ ষ্টেচন বিউফোৰ্টৰ লকহিড মাৰ্টিন এফ-৩৫ লাইটনিং ২ আছিল । দুৰ্ঘটনাটোৰ সময়ত পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় আৰু লগে লগে পাইলটজনক স্থানীয় চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ।
সম্প্ৰতি মেৰিন কৰ্পছ এয়াৰ ষ্টেচন বিউফোৰ্টৰ সৈতে স্থানীয় প্ৰশাসনে সন্ধানহীন বিমানখনৰ অনুসন্ধানত নামি পৰিছে । লগতে যুঁজাৰু বিমানখনৰ সন্ধানৰ বাবে জৰুৰীকালীন সঁহাৰি দল মোতায়েন কৰা হৈছে । বিমানখনৰ সন্ধানত নিৰন্তৰভাৱে অভিযান চলাই থকা হৈছে যদিও এতিয়ালৈ যুঁজাৰু বিমানখনৰ কোনো সন্ধান নোপোৱাত উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন(F 35 fighter jet missing after pilot ejects during mishap) ।
এক স্থানীয় প্ৰশাসনৰ বিবৃতি অনুসৰি , বিমানখনৰ অন্তিম অৱস্থানৰ ওপৰত ভিত্তি কৰি তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে । ইফালে ৰাইজক সামৰিক আৰু অসামৰিক কৰ্তৃপক্ষৰ সৈতে সহযোগিতা আগবঢ়াবলৈও কোৱা হৈছে । বিমানৰ অৱস্থানৰ বিষয়ে কোনো তথ্য লাভ কৰিলে জেবি চাৰ্লষ্টন বেচ ডিফেন্স অপাৰেচন চেণ্টাৰৰ ৮৪৩-৯৬৩-৩৬০০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই । কৰ্তৃপক্ষই দুৰ্ঘটনা সম্পৰ্কে অনুসন্ধান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :Brazil Plane Crash : ভয়ংকৰ বিমান দুৰ্ঘটনা; মৃত্যু ১৪ জন লোকৰ