US President Joe Biden to visit Israel on Wednesday : ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বৃহৎ সিদ্ধান্ত
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭অক্টোবৰ : ইজৰাইললৈ যাব মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন । ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বৃহৎ সিদ্ধান্ত । ১৮অক্টোবৰত ইজৰাইললৈ যাব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন (Israel Hamas War) ।
১৮ অক্টোবৰ অৰ্থাৎ বুধবাৰে ইজৰাইল আৰু আৰবৰ নেতৃত্বৰ সৈতে আলোচনাত বহিব মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন ৷ ইজৰাইল-হামাছৰ যুদ্ধখন বৃহত্তৰ আঞ্চলিক সংঘাতলৈ সম্প্ৰসাৰিত হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি ইজৰাইল আৰু জৰ্ডানলৈ যাত্ৰা কৰিবৰ বাবে স্থিৰ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে(Joe Biden to visit Jordan amid rising concern of escalating conflict ) ।
প্ৰাপ্ত খবৰ অনুসৰি, ইজৰাইল ভ্ৰমণৰ পিছতে জৰ্দানত সাক্ষাৎ কৰিব আব্দুল্লা চি চি আব্বাচক । লগতে জৰ্দানৰ ৰজা, ইজিপ্তৰ ৰাষ্ট্ৰপতি, পেলেষ্টাইন কৰ্তৃপক্ষৰ সৈতে বৈঠকত বহিব জো বাইডেনে ।
উল্লেখ্য যে, ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । সংঘাতজৰ্জৰ এই পৰিস্থিতিত পানী, বিদ্যুতকে ধৰি বিভিন্ন মৌলিক অভাৱত ভুগিবলগীয়া হৈছে গাজাবাসী । হামাছৰ এই আক্ৰমণত কমেও ৩০ গৰাকী আমেৰিকাৰ নাগৰিকসহ ১,৪০০ ৰো অধিক লোক নিহত হৈছিল আহত হৈছিল কেইবা শতাধিত লোক(US President Joe Biden to visit Israel on Wednesday) ।
গাজা ষ্ট্ৰিপৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ লগতে ইজৰাইলে হামাছক পুলি-পোখাই উঘালি পেলাবলৈ ১৪১ বৰ্গমাইল (365 বৰ্গ কিলোমিটাৰ) ভূ-খণ্ডত স্থল আক্ৰমণৰ বাবে সাজু হোৱাৰ সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে বাইডেনৰ ইজৰাইল ভ্ৰমণৰ কথা ঘোষণা কৰে ৷
আমেৰিকা আৰু ইজৰাইলৰ বিষয়াসকলে হিটলাৰৰ হ’ল’কাষ্টৰ পিছত ইহুদীসকলৰ বিৰুদ্ধে হোৱা এয়া মাৰাত্মক আক্ৰমণ বুলি বিবেচিত কৰিছে । ইজৰাইলৰ সৈতে আমেৰিকা আছে বুলিও বাইডেনে বাৰে বাৰে ঘোষণা কৰি আহিছে । বাইডেন লগতে ইজৰাইলৰ বাবে প্ৰশাসনে সামৰিক সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে ৷ লগতে আমেৰিকাৰ কেৰিয়াৰ আৰু সাহায্য প্ৰেৰণ কৰিছে সংঘাতজৰ্জৰিত দেশখনলৈ । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ইজৰাইলৰ অন্যান্য শীৰ্ষ বিষয়াৰ সৈতে সাত ঘণ্টাৰো অধিক আলোচনাৰ অন্তত মঙলবাৰে পুৱা ব্লিংকেনে এই কথা ঘোষণা কৰে ।
ইয়াৰ কিছু সময়ৰ পাছতে ৱাশ্বিংটনত হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে ঘোষণা কৰে যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে জৰ্ডানলৈ গৈ ৰজা আব্দুল্লা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল ছিছি আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছৰ সৈতে সাক্ষাৎ কৰিব ।
লগতে পঢ়ক :Biden considering trip to Israel : ইজৰাইল ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে !