Local, Vocal, Global

G20 Summit : ভাৰত ভ্ৰমণ কৰিবলৈ সাজু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

ইন্টাৰনেশ্যনেল ডেস্ক, ৭ছেপ্টেম্বৰ : ভাৰত ভ্ৰমণ কৰিবলৈ সাজু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন । নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি(G20 Summit) । হোৱাইট হাউচে ইতিমধ্যে তেওঁৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে(US President Biden all set to travel to India for G20 Summit) ।

হোৱাইট হাউচৰ উল্লেখ কৰা মতে ৰাষ্ট্ৰপতিগৰাকীয়ে জি-২ বৈঠকত উপস্থিত থাকি গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ অতি উৎসাহিত হৈ আছে । ইফালে বাইডেনে জি-২০ বৈঠকৰ সময়ত ক’ভিড-১৯ নিৰ্দেশনাও অনুসৰণ কৰিব । কিয়নো শেহতীয়াকৈ ফাৰ্ষ্ট লেডী জিল বাইডেন ক’ভিডত আক্ৰান্ত হৈছে । আৰু তাৰ পিছত ক’ভিড পৰীক্ষা কৰিছিল জ’ বাইডেনে,বাইডেনৰক’ভিড পৰীক্ষা যদিও নিগেটিভ পোৱা গৈছে তাৰ পিছতো ক’ভিড-১৯ নিৰ্দেশনাও অনুসৰণ কৰিব ৰাষ্ট্ৰপতিগৰাকায়ে ।

লগতে হোৱাইট হাউচে উল্লেখ কৰা অনুসৰি, ৰাষ্ট্ৰপতিগৰাকীয়ে দুবাৰকৈ ক’ভিড পৰীক্ষা কৰিছে য’ত তেওঁক নিগেটিভ পোৱা গৈছে । যাৰ বাবে তেওঁৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনাত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই বুলি কয় ।
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱাৰ পাছতে ৰাষ্ট্ৰপতি বাইডেনে শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ।

ইফালে হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰিন জিন-পিয়েৰে সংবাদ মাধ্যমক কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ দেহত ক’ভিডৰ কোনো লক্ষণ পোৱা হোৱা । লগতে ৰাষ্ট্ৰপতিকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ সদস্যসকলক ক’ভিডৰ পৰীক্ষা কৰা হ’ব । বৃহস্পতিবাৰে সন্ধিয়া হোৱাইট হাউচৰ পৰা ভাৰতৰ বাবে প্ৰস্থান কৰাৰ পূৰ্বে বাইডেনৰো ক’ভিড পৰীক্ষা কৰা হ’ব বুলি আশা কৰা হৈছে উল্লেখ কৰে হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰিন জিন-পিয়েৰে(US President Biden all set to travel to India for G20 Summit WH)।

ইতিমধ্য়ে জি-২০ বাবে সাজু হৈছে ৰাজধানী চহৰ দিল্লী। ২০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক আদৰিবলৈ সাজু ৰাজধানী চহৰ ৷ আটক-ধুনীয়াকৈ সজাই তোলা হৈছে ৰাজধানী চহৰ দিল্লী । সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে দিল্লী । তাৰ মাজতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলৰ সুৰক্ষাৰ বাবে ইতিমধ্যে নিয়োগ কৰা হৈছে বৃহৎ সেনাবাহিনী । জি-20 শীৰ্ষ সন্মিলনৰ সময়ত যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ বাবে দিল্লী আৰক্ষীয়ে ২৪ ঘণ্টাই কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ৷ ড্ৰোণ আৰু হেলিকপ্টাৰেৰে চোৱা চিতা কৰি থকা হৈছে বিভিন্ন ঠাই । সুৰক্ষাৰ বাবে বিভিন্ন স্তৰত নিয়োগ কৰা হৈছে প্ৰায় ১ লাখ ৩০ হাজাৰ সৈনিক ।

লগতে পঢ়ক :G20 summit: জি-২০ শীৰ্ষ সন্মিলনৰ বাবে বাবে সাজু দিল্লী,কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৰাজধানী চহৰ দিল্লীত