Local, Vocal, Global

UPPL Leader Found Sleeping On ‘Bed of Cash’ : টকাৰ বিচনাত শোৱে ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে

নিউজ ডেস্ক,২৭মাৰ্চ : টকাৰ বিচনাত শোৱে UPPLৰ কৰ্মীয়ে। সামাজিক মাধ্যমত ভাইৰেল এখন ফটো । টকাৰ ওপৰত শুই আছে ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে । খমখমীয়া ৫০০ টকাৰ নোটৰ ওপৰত শুই আপোন-পাহৰা হৈ পৰিছে ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে। কেৱল শুৱাই নহয়, বেঞ্জামিন বসুমতাৰীয়ে গাত লগাই লৈছে ৫০০ টকীয়া নোট(UPPL Leader Found Sleeping On ‘Bed of Cash’, Sparks Corruption Allegations)।

প্ৰশ্ন হয় কিয় টকাৰ ওপৰত শুই এনেদৰে ফটো তুলিলে UPPLৰ কৰ্মী গৰাকীয়ে(UPPL Leader Found Sleeping On ‘Bed of Cash’) ।

দুৰ্নীতি নকৰো বুলি ৰাজহুৱাভাৱে শপত খোৱা প্ৰমোদ বড়োৰ দল UPPL ৰ কৰ্মীৰ এনে নাভূত-নাশ্রুত কাণ্ডই হতহম্ভ কৰি তুলিছে। ডিঙিৰ শিৰ ফুলাই দুৰ্নীতিৰ নকৰো বুলি দম্ভালি মৰা প্ৰমোদ বড়োৰ UPPLৰ নেতাই শুৱেই টকাৰ বিছনাত।

লগতে পঢ়ক : Man allegedly kills wife : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক