WATCH | UPI crash alert: হঠাৎ বিকল হৈ পৰিছে phonepay,gpay,paytm
নিউজ ডেস্ক,১২এপ্ৰিল : হঠাৎ বিকল হৈ পৰিছে phonepay,gpay,paytm । সমগ্ৰ ভাৰতত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) সেৱা বন্ধ হৈ থকাৰ বাবে ব্যৱহাৰকাৰীসকলে ডিজিটেল লেনদেন কৰাত সমস্যাৰ সন্মুখীন হৈছে(UPI crash alert)।
ব্যৱহাৰকাৰীসকলে QR ক’ড স্কেনিঙৰ জৰিয়তে বা পোনপটীয়াকৈ ইউপিআই-লিংক কৰা ফোন নম্বৰ বা ইউপিআই আইডিলৈ প্ৰেৰণ কৰাৰ জৰিয়তে পেমেণ্ট কৰিবলৈ চেষ্টা কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে । সমস্যাটো UPI চাৰ্ভাৰসমূহৰ সৈতে সংযুক্ত যেন ধাৰণা কৰা হৈছে ।
Downdetector ৰ মতে, UPI চাৰ্ভাৰৰ সমস্যা আৰম্ভ হৈছিল প্ৰায় পুৱা 11:30 বজাত । ইউপিআই ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে বাস্তৱ সময়ত সন্মুখীন হোৱা সমস্যা সংক্ৰান্তীয় অভিযোগো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ডাউনডিটেক্টৰৰ মতে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ দেশজুৰি । ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ব্যৱহাৰকাৰীয়ে এই সমস্যাৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে ।
লগতে পঢ়ক : WATCH | Guwahati News : ২০০ টকাৰ তেল ভৰাই ২০ টকা দি পলায়ন এজন যুৱকৰ