Local, Vocal, Global

Upendranath Sarma Passed Away: বিশিষ্ট সমালোচক, অধ্যাপক পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : বিশিষ্ট সমালোচক, অধ্যাপক পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান । শুকুৰবাৰে নিশা ৯৬ বছৰ বয়সত দেহাৱসান হয় পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ।বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে উপেন্দ্ৰনাথ শৰ্মাৰ(Upendranath Sarma Passed Away)।

উপেন্দ্ৰনাথ শৰ্মা আছিল এগৰাকী সাহিত্য সমালোচক। কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল উপেন্দ্ৰনাথ শৰ্মা। ডিব্ৰুগড়ৰ কানৈ কলেজতো কিছুদিন শিক্ষকতা কৰিছিল সাহিত্যিকগৰাকীয়ে। অসমীয়া সাহিত্যৰ জগতত তেওঁৰ আছে বিশেষ অৱদান। ৰামধেনুৰ পৰৱৰ্তী কালত এগৰাকী সমালোচক হিচাপে আত্মপ্ৰকাশ কৰিছিল তেওঁ। অসমীয়া কবিতাৰ ক্ষেত্ৰখনতো তেওঁৰ বিচৰণ অনায়াস। সমালোচক হিচাপে গল্পৰ ক্ষেত্ৰখনত তেওঁৰ পাণ্ডিত্য সৰ্বজনস্বীকৃত।

সাহিত্যাচাৰ্য, শিক্ষাবিদ উপেন্দ্ৰনাথ শৰ্মাই মৃত্যুৰ সময়ত পত্নী তথা সাহিত্যিক, শিক্ষাবিদ এলিজা শৰ্মা, চিকিৎসক পুত্ৰ তথা নলবাৰী মেডিকেল কলেজৰ অধ্যাপক শান্তনু শৰ্মা আৰু দুগৰাকী কন্যা, বোৱাৰী আৰু নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়। সাহিত্যাচাৰ্যগৰাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰেই বহু গুণমুগ্ধৰে ভৰি পৰে তেওঁৰ বাসভৱন। শনিবাৰে নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন হ’ব সাহিত্যিকগৰাকীৰ(Upendranath Sarma Passed Away)।

লগতে পঢ়ক :Two killed in police firing at eviction site : সোণাপুৰত আৰক্ষীৰ গুলীত মৃত্যু ২ বেদখলকাৰীৰ