Upcoming Chhattisgarh election : ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিশেষ আহ্বান

নেশ্যনেল ডেস্ক,২নৱেম্বৰ : আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে(Upcoming election 2023)
সমাগত ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন । ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিশেষ আহ্বান(Upcoming Chhattisgarh election) ।
মুখ্যমন্ত্ৰী ভূপেশ বাঘলৰৰ আহ্বান, নিৰ্বাচন আয়োগক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) বাহনসমূহো তালাচী কৰিবলৈ অনুৰোধ জনাই(Chhattisgarh CM Baghel asked Election Commission to conduct checks on CRPF vehicles ahead of polls) ।
বাঘেলে দাবী কৰা মতে বিজেপিয়ে ইতিমধ্যে নিজৰ পৰাজয় স্বীকাৰ কৰিছে আৰু ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ ধনৰ প্ৰয়োগ কৰিবলৈ সাজু হৈছে । ই এক গুৰুতৰ বিষয় বুলি উল্লেখ কৰি কংগ্ৰেছে অভিযোগ দাখিল কৰিব বুলিও তেওঁ উল্লেখ কৰে । এই ক্ষেত্ৰত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে ৰাজ্যখনত পৰ্যাপ্ত চিআৰপিএফ থকাৰ পাছতো অতিৰিক্ত বাহিনী অনাৰ প্ৰয়োজনীয়তা কি ?
ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত মুখ্যমন্ত্ৰী বাঘেলে ছত্তীশগড়ৰ পাটন বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিল কৰাৰ পাছত মুখ্যমন্ত্ৰী বাঘেলে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে জানে যে ছত্তীশগড়ৰ ৰাইজে তেওঁলোকৰ গ্যেৰাণ্টিৰ ওপৰত বিশ্বাস নকৰে(Chhattisgarh CM asks Election Commission to check CRPF vehicles ahead of polls) ৷
উল্লেখ্য যে ছত্তীশগড়ত নৱেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । ছত্তীশগড়ৰ ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব । ৰাজ্যখনৰ বাকী ৭০ খন আসনত ১৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ভোটগণনা ৩ ডিচেম্বৰত কৰা হ’ব । ৯০ খন আসনত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে শাসকীয় কংগ্ৰেছ আৰু বিৰোধী বিজেপিয়ে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে ।
ইয়াৰ পূৰ্বে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিপুল সংখ্যক ভোটত জয়লাভ কৰিছিল আৰু বিজেপিয়ে মাত্ৰ ১৫ খন আসন লাভ কৰিছিল ।ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপি মুখ্য প্ৰতিদ্বন্দী দল হিচাপে বিবেচিত হৈ আহিছে । বিজেপিয়ে কংগ্ৰেছ শাসিত ৰাজ্যখনত ক্ষমতা দখলৰ পৰিকল্পনা কৰিছে । একেদৰে কংগ্ৰেছেও ৰাজ্যখন তেওঁলোকৰ হাতৰ পৰা যিকোনো পৰিস্থিতিত যাব দিব নোৱাৰে । এই নিৰ্বাচনে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবেও দুয়োটা দলৰ গতি নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে (Chhattisgarh CM Baghel asks Election Commission to conduct checks on CRPF vehicles ahead of polls)।
লগতে পঢ়ক : Arvind Kejriwal will not appear before ED today : ED ৰ কাৰ্যালয়ত হাজিৰ নহয় অৰবিন্দ কেজৰিৱাল