Local, Vocal, Global

UP Groom Plays Statue Standing On A Car : ষ্টান্ট দেখুৱাই আনিবলৈ গৈছিল মনৰ মানুহজনীক; তাৰ পাছত দৰাৰ হ’ল বিৰূপ দশা

নিউজ ডেস্ক, ১৩ মাৰ্চ : কইনা আনিবলৈ গৈ বিপদত এজন দৰা! ষ্টান্ট দেখুৱাই আনিবলৈ গৈছিল মনৰ মানুহজনীক । তাৰ পাছত দৰাৰ হ’ল বিৰূপ দশা!

নিজৰ বিয়াখনক লৈ সকলোৰে মনত কিছু আশা, কিছু হেঁপাহ থাকে। যিদৰে যুৱতী সকলৰ নিজৰ বিয়াখনক লৈ কাপোৰ, গহনা, মেক-আপৰ পৰা আৰম্ভ কৰি নানান আশা আৰু সপোন থাকে ঠিক একেদৰেই যুৱকসকলৰো মনত থাকে কিছু হাবিয়াস(UP Groom Plays Statue Standing On A Car, Police Say Over)।

বিশেষকৈ নিজৰ মনৰ মানুহগৰাকীক অৰ্থাত নিজৰ কইনা গৰাকীক আনিবলৈ যোৱা সময়কণৰ বাবে যুৱকসকলৰ থাকে কিছু বিশেষ পৰিকল্পনা। সাধাৰণতে নিজৰ বিয়াৰ দিনা কইনা আনিবলৈ দৰাসকলে ভিন্ন ফুলেৰে সু-সজ্জিত গাড়ী ব্যৱহাৰ কৰে।

শেহতিয়াকৈ দৰাই নিজেই গাড়ী, মটৰ চাইকেল চলাই কইনা ঘৰলৈ অনা ট্ৰেণ্ড এটায়ো আৰম্ভ হৈছ। উল্লেখ্য যে পূৰ্বতে যেতিয়া গাড়ীৰ সুবিধা নাছিল তেতিয়া দৰা বা বৰযাত্ৰীসকলে গৰু গাড়ীত উঠি নাইবা খোজ কাঢ়িয়েই কইনা আনিবলৈ গৈছল।

অৱশ্যে এতিয়াও মাজে-সময়ে গৰুগাড়ীত উঠি কইনা আনিবলৈ যোৱাৰ দৃশ্য মাজে-সময়ে দেখিবলৈ পোৱা যায়। কিন্তু শেহতিয়াকৈ এইসকলোবোৰৰ উৰ্ধত এক বিশেষ পন্থা বাছি লৈ চৰ্চা লৈ আহিছে এজন দৰা(UP Groom Plays Statue Standing On A Car)।

ফুলেৰ সজ্জিত এই বগা ৰঙৰ SUV খনৰ ওপৰত উঠি ফটোৰ বাবে পজ দিছে দৰাৰ সাজত থকা যুৱকজনে।

জানিব পৰা মতে চাহাৰনপুৰৰ ভৈলা গাঁৱৰ অংকিত নামৰ দৰাজনে মঙলবাৰে মিৰাটৰ কুশৱালী গাঁৱলৈ কইনা আনিবলৈ যোৱাৰ সময়ত দিল্লী-ডেৰাডুন ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে বাহনখনৰ ওপৰত উঠি প্ৰদৰ্শন কৰিছিল ষ্টাণ্ট আৰু তাৰ পাছতে বেলেগতকৈ পৃথক কৰিবলৈ গৈ বিপদৰ সন্মুখীন হয় এইজন যুৱক। কিয়নো উক্ত ঘটনাৰ খবৰ পাইয়ে ঘটনাস্থলীত উপস্থিত হয় মনছুৰপুৰ আৰক্ষী।

লগে লগে আৰক্ষীয়ে বৰযাত্ৰীৰ বাহনখন ৰখাই জব্দ কৰে দৰাজনে ষ্টাণ্ট কৰা বাহনখন। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আন এখন গাড়ীৰে নিজৰ বিবাহথলীলৈ যাবলৈ দিয়া হয় দৰাজনক।

লগতে পঢ়ক : Father-Son Duo Attacked by Teacher; Injured : শিক্ষকৰ দাৰ ঘাপত আহত পিতা-পুত্ৰ