UP Bans Sale Of Halal Certified Products With Immediate Effect : উত্তৰ প্ৰদেশ চৰকাৰে নিষিদ্ধ কৰিছে হালাল মাংস
নিউজ ডেস্ক, ১৯ নৱেম্বৰ : এতিয়াৰে পৰা উত্তৰ প্ৰদেশ চৰকাৰে নিষিদ্ধ কৰিছে হালাল মাংস । হালাল প্ৰমাণপত্ৰ থকা খাদ্য সামগ্ৰীৰ উৎপাদন, সংৰক্ষণ, বিতৰণ, বিক্ৰী তাৎক্ষণিকভাৱে নিষিদ্ধ কৰা হৈছে বুলি উত্তৰ প্ৰদেশ চৰকাৰে জনাই। ৰপ্তানিৰ বাবে নিৰ্মিত সামগ্ৰী অৱশ্যে এই নিষেধাজ্ঞাৰ অধীনত নাথাকিব(Uttar Pradesh bans Halal-certified food, medicines with immediate effect)।
উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰিছে এই বিশেষ বাৰ্তা। এতিয়াৰে পৰা ৰাজ্যখনত নিষিদ্ধ হ’ব হালাল প্ৰমাণীকৃত মাংস।
এক চৰকাৰী আদেশত কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ ভিতৰত হালাল প্ৰমাণিত ঔষধ, চিকিৎসা সঁজুলি, প্ৰসাধন সামগ্ৰীৰ উৎপাদন, সংৰক্ষণ, বিতৰণ, ক্ৰয়, আৰু বিক্ৰীৰ কামত নিয়োজিত যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব(UP Bans Sale Of Halal Certified Products With Immediate Effect)।
খাদ্য সামগ্ৰীৰ হালাল প্ৰমাণীকৰণ হৈছে এক সমান্তৰাল ব্যৱস্থা যিয়ে খাদ্য সামগ্ৰীৰ মানদণ্ডৰ সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু খাদ্য আইন খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ ৮৯ নং ধাৰাত ইয়াক ধাৰণযোগ্য নহয় বুলি আদেশত উল্লেখ কৰা হৈছে। ইয়াত লগতে কোৱা হৈছে যে খাদ্য সামগ্ৰীৰ মানদণ্ড নিৰ্ণয় কৰাৰ অধিকাৰ কেৱল উক্ত আইনখনৰ ২৯ নং ধাৰাত দিয়া কৰ্তৃপক্ষ আৰু প্ৰতিষ্ঠানৰ হাততহে আছে, যিয়ে আইনখনৰ বিধান অনুসৰি প্ৰাসংগিক মানদণ্ড পৰীক্ষা কৰে(UP govt bans sale of halal-certified products with immediate effect)।
ৰপ্তানিৰ বাবে নিৰ্ধাৰিত খাদ্য সামগ্ৰীসমূহ এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।
একাংশ লোকৰ ধৰ্মীয় আৱেগক লক্ষ্য কৰি একাংশ লোকে চলোৱা চেষ্টাক ব্যৰ্থ কৰাৰ বাবেই কোনো দুষ্টচক্ৰই জাৰি কৰা হালাল প্ৰমাণপত্ৰ নিষিদ্ধ কৰা হৈছে বুলি ৰাজ্য চৰকাৰৰ মুখ্যপাত্ৰই প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোম্পানীয়ে হালাল প্ৰমাণপত্ৰ জাৰি কৰাৰ ঘটনা পোহৰলৈ আহিছিল(UP bans sale of ‘halal products’ with immediate effect. What we know so far)।
এই ঘটনাৰ পিচতে উত্তৰ প্ৰদেশৰ মুছলিম সম্প্ৰদায়ৰ মাজত মাংস বিক্ৰী বৃদ্ধি কৰাৰ বাবে হালাল প্ৰমাণপত্ৰ এটা কোম্পানীয়ে জাৰি কৰা বুলি বিজেপিৰ যুৱ গোটে এটা গোচৰ ৰুজু কৰিছিল।