Local, Vocal, Global

ঢকুৱাখনাত অপ্ৰীতিকৰ ঘটনা পুতলা বন্দুকৰ সহায়ত ডকাইতিৰ চেষ্টা

নিউজ ডেক্স,৭ জুলাই : বৃহস্পতিবাৰে অসমৰ লখিমপুৰ জিলাত সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা। পুতলা বন্দুকৰ সহায়ত ডকাইতিৰ চেষ্টা কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

খবৰ অনুসৰি, স্থানীয় লোকসকলে প্ৰথমে ৰাজপথত যুৱকসকলক খেলি থকা দেখিছিল আৰু পৰৱৰ্তী সময়ত যুৱকসকলক লুটিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে, দুয়োকে স্থানীয় লোকে দ্ৰুততাৰে দমন কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে।

সম্প্ৰতি, বিষয়টোৰ তদন্ত আৰম্ভ হৈছে। যুৱকসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।