Unpleasant situation at Mangaldoi Civil Hospital: মঙলদৈ অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত মহিলা চিকিৎসকক অশালীন ব্যৱহাৰ

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : বুধবাৰে গধূলি মঙলদৈ অসামৰিক চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতি। কৰ্তব্যৰত মহিলা চিকিৎসকক অশালীন ব্যৱহাৰ। কৰ্তব্যৰত চিকিউৰিটিৰ লগত বাক বিতণ্ডা । অৱশেষত সোধা-পোচাৰ বাবে থানালৈ লৈ আহে যুৱকক ।
জানিব পৰা মতে,বুধবাৰে দুপৰীয়াৰ ভাগত মঙলদৈ আৰক্ষীয়ে মেনাপাৰাৰ পৰা গিয়াছউদ্দিন নামৰ ২৪ বছৰীয়া যুৱক এজনক মুখেৰে তেজ ওলাই থকা অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যুৱকজনৰ অৱস্থা বেছি বেয়া হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কিন্তু পৰিয়ালৰ লোকে ল’ৰাজনক বাইহাটা চাৰিআলিৰ ব্যক্তিগত চিকিৎসালয় এখনত ভৰ্তি কৰাই আৰু তাতেই চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে(Unpleasant situation at Mangaldoi Civil Hospital)।
অৱশেষত মৃত যুৱকজনৰ পৰিয়ালে পুনৰাই মঙলদৈ অসামৰিক চিকিৎসালয়ত মৃতদেহটো ভৰ্তি কৰাবলৈ চেষ্টা কৰে । এই সমগ্ৰ কথাখিনি কৰ্তব্যত থকা মহিলা চিকিৎসকগৰাকীৰ লগত আলোচনা কৰিবলৈ আহোতে কেইজনমান যুৱকে মোবাইলেৰে ভিডিঅ’ কৰাত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে।
তাকে লৈ মৃত যুৱকজনৰ পৰিয়ালৰ লগত অহা একাংশই চিকিৎসক তথা কৰ্তব্যৰত চিকিউৰিটিৰ লগত বাক বিতণ্ডা কৰি পৰিস্থিতি উতপ্ত কৰি তোলে। অৱশেষত চিকিৎসালয় কৰ্তৃপক্ষই মঙলদৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তিনিগৰাকী যুৱকক সোধা-পোচাৰ বাবে থানালৈ লৈ আহে।
পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ল’ৰাকেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বৰ্তমানলৈকে ল’ৰাকেইজনক আৰক্ষী চকীত ৰখা হৈছে।
লগতে পঢ়ক :Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন