WATCH | Unique Wedding : দুজোপা গছৰ বিয়া,দৰা এজোপা বট গছ,কইনা এজোপা আহঁত গছ
ছিপাঝাৰ,৮মাৰ্চ : এখন ব্যতিক্ৰমী বিয়া। আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰধ্বনি, হোম-যজ্ঞ,বেণ্ডপাৰ্টি সকলো আছে। আছে ভোজ-ভাতৰ ব্যৱস্থা। মানুহো আহিছে বিয়া খাবলৈ অগণন। গাইছে- নাচিছে, আনন্দ কৰিছে সকলোৱে। দৰা-কইনা নুৱাইছে, ধুৱাইছে। চলিছে কন্যাদান।
দৰা-কইনা কিন্তু দুজোপা গছ। ছিপাঝাৰৰ ধলপুৰ শিৱধামত সম্পূৰ্ণ বৈদিক নীতি-নিয়মৰ মাজেৰে হৈছে এইখন ব্যতিক্ৰমী বিয়া। দৰা এজোপা বট গছ,কইনা এজোপা আহঁত গছ। মন্দিৰৰ কাষতে ১৯৯৬ চনতে গছ দুজোপা ৰুইছিল দুগৰাকী নেপালী গোৰ্খা সম্প্ৰদায়ৰ লোকে।গছ দুজোপা ডাঙৰ হ’লে বিয়া পাতি দিয়াৰ কথা আছিল। সেয়ে আজি বৃহৎ আয়োজনেৰে ৰাইজৰ সহযোগত গছ দুজোপাৰ পাতি দিয়া হ’ল বিয়া। ” মানুহ আমি গছৰ আলহী,গছ থাকিলেহে মানুহ থাকিব” – এনে এক চিৰন্তন সত্যৰ আদৰ্শ দোহাৰিলে বিয়াৰ আয়োজকসকলে(Unique Wedding)।
লগতে পঢ়ক : WATCH | Parbatjhora News : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণাম…