1,126 crore to improve waterway connectivity in North east: “১,১২৬ কোটি টকা ব্যয়েৰে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
![Union Minister Sarbananda Sonowal has confirmed a total investment of Rs 1,126 crore to improve waterway connectivity](https://mynewsne.com/wp-content/uploads/2023/07/noname-97-750x430.jpg)
দিল্লী, ২৬ জুলাই, ২০২৩: ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত জলপথৰ সংযোগ উন্নত কৰাৰ বাবে মুঠ ১,১২৬ কোটি টকাৰ বিনিয়োগ নিশ্চিত কৰিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal)। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেখেতে এই কথা সদৰী কৰে (1126 crore to improve waterway connectivity in North east)। চুবুৰীয়া দেশসমূহৰ সৈতে পাৰস্পৰিক আৰু কৌশলগত সম্পৰ্কৰ উন্নতিৰ বাবে জলপথসমূহ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২), বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬), ধনশিৰি (ৰাষ্ট্ৰীয় জলপথ-৩১) আৰু কপিলী (ৰাষ্ট্ৰীয় জলপথ-৫৭) নদীৰ পাঁচটা প্ৰকল্পত উক্ত ধনৰাশি বিনিয়োগ কৰি থকা হৈছে(Union Minister Sarbananda Sonowal has confirmed a total investment of Rs 1126 crore to improve waterway connectivity)।
ৰাজ্যসভাত উত্থাপিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “সংযোগ আৰু সমৃদ্ধিৰ বাবে নদীৰ অপৰিসীম তাৎপৰ্যক স্বীকৃতি দি উত্তৰ-পূবৰ ২০ খন নদীক ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬ৰ অধীনত ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল। বাণিজ্য আৰু যোগাযোগৰ সম্প্ৰসাৰণৰ দিশত ভাৰতৰ উত্তৰ-পূব অঞ্চলত জলপথ সংযোগ উন্নত কৰাৰ বাবে আমাৰ চৰকাৰে উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় জলপথত অভ্যন্তৰীণ পৰিবহণ আন্তঃগাঁথনিৰ বিকাশৰ বাবে মুঠ ১,১২৬ কোটি টকাৰ ব্যয়সাপেক্ষে পাঁচটা প্ৰকল্প ৰূপায়ণত অনুমোদন জনাইছে।”
এই পাঁচটা প্ৰকল্পৰ ভিতৰত, ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক উন্নয়ন ৪৭৪ কোটি টকাৰ ব্যয়েৰে কৰি থকা হৈছে। আনহাতে ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ (আইবিপিআৰ) সৈতে ভাৰতত বৰাক নদীৰ উন্নয়ন ১৪৮ কোটি টকা ব্যয়েৰে কৰি থকা হৈছে আৰু মুঠ ১১৬ কোটি টকাৰ ব্যয়েৰে ধনশিৰি তথা কপিলী নদীৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে গুৱাহাটীৰ পাণ্ডু বন্দৰ সংযোগী হোৱাকৈ এটা বিকল্প বাণিজ্যিক পথৰ নিৰ্মাণৰ বাবে এই বছৰৰ জানুৱাৰীত ১৮০ কোটি টকা ব্যয়ত অনুমোদন জনোৱা হৈছিল। আনহাতে, পাণ্ডুত জাহাজ মেৰামতি কেন্দ্ৰটো ২০৮ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰি থকা হৈছে(1126 crore to improve waterway connectivity in North east)।
এই সন্দৰ্ভত এক্ট ইষ্ট পলিচীৰ ভূমিকা উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, “এক্ট ইষ্ট নীতিৰ উদ্দেশ্য হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক উন্নত যোগাযোগ প্ৰদান কৰি এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক সহযোগিতা, সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰা আৰু কৌশলগত সম্পৰ্ক গঢ়ি তোলা। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃত সম্ভাৱনাক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উন্মোচিত কৰিবলৈ বিভিন্ন প্ৰকল্প আৰু কাৰ্যসূচী সক্ষম কৰি তুলিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে এই সবল দৃষ্টিভংগীৰে কাম কৰি আহিছে যাতে উত্তৰ-পূব অঞ্চলত নদীপ্ৰণালীৰ সমৃদ্ধ আন্তঃনেটৱৰ্কে অঞ্চলটোৰ বহনক্ষম উন্নয়ন আৰু অৰ্থনীতি শক্তিশালী কৰাত অৰিহণা যোগাব পাৰে।”
সৰ্বানন্দ সোণোৱালে লগতে কয়, “ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ম্যানমাৰ আৰু বাংলাদেশৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সংযোগ বৃদ্ধিৰ বাবেও প্ৰকল্প হাতত লৈছে। আমাৰ ফ্লেগশ্বিপ কাৰ্যসূচী সাগৰমালাৰ অধীনত ভাৰতৰ পূব উপকূলৰ উন্নয়নৰ বাবে মুঠ ২.৫৫ লাখ কোটি টকাৰ ব্যয়সাপেক্ষে ৪০০টা প্ৰকল্প চিনাক্ত কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে বিদ্যমান বন্দৰ আৰু টাৰ্মিনেলৰ আধুনিকীকৰণ, নতুন বন্দৰ, টাৰ্মিনেল, ৰ’-ৰ’ আৰু পৰ্যটন জেটি, বন্দৰ সংযোগ বৃদ্ধি, অভ্যন্তৰীণ জলপথ, লাইটহাউছ পৰ্যটন, বন্দৰৰ চাৰিওফালে ঔদ্যোগিকৰণ, দক্ষতা বিকাশ, প্ৰযুক্তি কেন্দ্ৰ ইত্যাদি।”
লগতে পঢ়ক : Umakanta Bairagi passed away : হাতত টোকাৰীখন লৈ টোকাৰীগীত গাবলৈ আৰু নাই প্ৰখ্যাত শিল্পী উমাকান্ত বৈৰাগী