Local, Vocal, Global

Union Minister Pashupati Kumar Paras resigns after being denied ticket in Bihar : কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰসেৰ পদত্যাগ

নেশ্যনেল ডেস্ক,১৯মাৰ্চ : মন্ত্ৰীপদ ত্যাগ কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰসেৰ ।

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন। তেনে সময়তে দেখা দিছে ৰাজনৈতিক দল সমূহৰ মাজত বিভ্ৰান্তি । ফাট মেলিছে শাসনাধিষ্ঠ নেচনেল ডেমক্ৰেটিক এলায়েন্সত। নেচনেল ডেমক্ৰেটিক এলায়েন্সৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টীৰ(Union Minister Pashupati Kumar Paras resigns after being denied ticket in Bihar)।

ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টীক দিয়া নাই এখনো আখন । দলটোক মিত্ৰজোঁটে এখনো আসন নিদিয়াৰ বাবে মন্ত্ৰীপদ ত্যাগ কৰিছে দলটোৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰসে ।

পদত্যাগৰ পিচতে মন্ত্ৰীগৰাকীয়ে কয়, ৫-৬ দিন পূৰ্বে এখন সংবাদমেলত তেওঁ কৈছিল যে এন ডি এয়ে আসন ঘোষণা নকৰালৈকে তেওঁ অপেক্ষা কৰিব । তেওঁ সততাৰে এন ডি এৰ প্ৰতি সেৱা আগবঢ়াইছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ এগৰাকী ডাঙৰ নেতা, কিন্তু ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টী আৰু ব্যক্তিগতভাৱে তেওঁৰ সৈতে অন্যায় হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । সেয়েহে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে বুলি সংবাদ মাধ্যমক অৱগত কৰে( RLJP President Pashupati Kumar Paras resigns as Union Minister) ।

লগতে পঢ়ক : Dead Body Recovered in Kampur : পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ