Local, Vocal, Global

union minister is campaigning for Pradan Baruah : বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

নিউজ ডেস্ক,৬এপ্ৰিল : বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

শুকুৰবাৰে ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ ৮০ নং জোনাই বিধানসভা সমষ্টিৰ জোনাইৰ জোনেকাৰেংস্থিত আবুটানি লত্তাত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(union minister is campaigning for Pradan Baruah) ।

নিৰ্বাচনী প্ৰচাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক বিশাল জনসভাত অংশগ্ৰহণ কৰে । বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “নিৰ্বাচন আহিল আৰু বহু নিৰ্বাচন গ’ল । কিন্তু এইবাৰৰ নিৰ্বাচনটো এইকাৰণে গুৰুত্বপূৰ্ণ যে অহা পাঁচ বছৰৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয়খন সৰ্ববৃহৎ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ হ’লেহে সেয়া পূৰণ হ’ব । সেই লক্ষ্যত উপনীত হ’বৰ বাবে এই বিকাশ যাত্ৰাক তীব্ৰ গতি দিয়াৰ বাবে বিজেপিৰ নেতৃত্বত এখন চৰকাৰ দিল্লীত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷”

শুকুৰবাৰে প্ৰদান বৰুৱাৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী টংকেশ্বৰ সোণোৱাল, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সন্মিলীত গণ শক্তিৰ বিষয়ববীয়া অতুল পেগু, পূৱ জোনাই বিজেপি সভাপতি আদিত্য বৰুৱা, পশ্চিম জোনাই বিজেপি সভাপতি শিৱ দলে, ধেমাজি জিলা বিজেপি উপ-সভাপতি পাৰ্থ ছেত্ৰীৰ লগতে বিজেপি মিত্ৰজোঁট দলৰ বহু নেতা-কৰ্মী উপস্থিত থাকে(union minister is campaigning for Pradan Baruah) ৷

লগতে পঢ়ক :Youth Dies In Wild Elephant Attack In Golaghat : গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন যুৱকৰ