কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম বাংলাদেশ সীমান্ত পৰিদৰ্শন
নিউজ ডেস্ক, ৯ মে’-আজি মানকাচাৰৰ অসম বাংলাদেশ সীমান্তৰ বিএছএফৰ ৪৫ তম বেটেলিয়নৰ সীমান্ত চৌকিত উপস্থিত হয় ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
আৰু লগতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাস।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে বি.এছ.এফ.ৰ জ্যেষ্ঠ বিষয়াসকলে সেনা চৌকিটোৰ কাৰ্যকৰী এলেকা আৰু সীমান্ত সুৰক্ষাৰ সৈতে ইয়াৰ প্ৰাসংগিকতাৰ বিষয়বোৰ অৱগত কৰে।
মানকাচাৰৰ বি. এছ. এফ চৌকিৰ পৰা দুই দেশৰ সীমান্ত পৰ্যবেক্ষনৰ লগতে দুই দেশৰ জেষ্ঠ্য বিষয়া সকলৰ লগত সীমান্তত সমস্যাৰ আলোচনা কৰে।