Local, Vocal, Global

Union Home Minister Amit Shah to Visit Assam Today : আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ;গুৱাহাটীত নিৰ্বাচনী ৰণ ডংকা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে

নিউজ ডেস্ক,২৯এপ্ৰিল : আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।গুৱাহাটীত নিৰ্বাচনী ৰণ ডংকা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে(Union Home Minister Amit Shah to Visit Assam Today)।

বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’ অমিত শ্বাহৰ। মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ কৰিব ৰোড শ্ব'(Union Home Minister Amit Shah to Visit Assam Today)।

এই ৰোড শ্ব’ত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰায়সকল শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব । অমিত শ্বাহৰ ৰোড শ্ব’ উপলক্ষে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা প্ৰদান কৰিছে যান–বাহন আৰক্ষীয়ে।

লগতে পঢ়ক : STF Bust Drug Worth 12 Crore in Khanapara : মহানগৰীত জব্দ প্ৰায় ১২কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী;আটক দুই সৰবৰাহকাৰী