Unified Pension Scheme:ৰাজ্যত প্ৰযোজ্য হ’ব ইউনিফাইড পেঞ্চন আঁচনি

নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী : ৰাজ্যত প্ৰযোজ্য হ’ব ইউনিফাইড পেঞ্চন আঁচনি। ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব ইউনিফাইড পেঞ্চন আঁচনি।
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ’ব এই ব্যৱস্থা। ইয়াৰ জৰিয়তে দুটা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে( Unified Pension Scheme)।
কৰ্মচাৰীসকলে ইয়াৰ ফলত ১০ বছৰৰ থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব। ২৫ বছৰ চাকৰি থকাসকলে আন পৰ্যায়ত নিয়মিত পেঞ্চন লাভ কৰিব।
উল্লেখ্য যে, ১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি বা ইউ পি এছ আৰম্ভ হ’ব। ইয়াৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পেমেণ্ট আৰু কিছুমান অৱসৰৰ সুবিধা প্ৰদান কৰা। বিত্ত মন্ত্ৰালয়ে ২৫ জানুৱাৰীত এক অধিসূচনা জাৰি কৰি এই কথা ঘোষণা কৰে।
লগতে পঢ়ক:Delhi railway station stampede: নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা;নিহত ১৮জন,আহত ১৫জন