Local, Vocal, Global

Unidentified youth found in Karimganj : পৰিত্যক্ত চাউলৰ গুদামৰ কাষত উদ্ধাৰ অচিনাক্ত যুৱকৰ ৰক্তাক্ত মৃতদেহ

নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : পৰিত্যক্ত চাউলৰ গুদামৰ কাষত উদ্ধাৰ অচিনাক্ত যুৱকৰ ৰক্তাক্ত মৃতদেহ ।

বৃহস্পতিবাৰে কৰিমগঞ্জ চহৰ সংলগ্ন পোয়ামাৰা এলেকাৰ মেদামাইলত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত যুৱকৰ ৰক্তাক্ত মৃতদেহ । মেদামাইল এলেকাত থকা এটা পৰিত্যক্ত চাউলৰ গুদামৰ চৌহদত উদ্ধাৰ হয় মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই(Unidentified youth found in Karimganj)।

উল্লেখ্য যে, উদ্ধাৰ হোৱা মৃতদেহটো লুঙী আৰু টি-ছাৰ্ট পৰিহিত মৃতদেহটোৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ আছে । চোকা অস্ত্ৰৰে ডিঙি কাটি যুৱকগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে । মৃতদেহৰ আশে-পাশে পৰিলক্ষিত হৈছে কেৱল তেজ ৷

বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী থানাত । ঘটনা সন্দৰ্ভত খবৰ পাই আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় কৰিমগঞ্জৰ উপ-আৰক্ষী অধীক্ষক নাৰায়ণ বড়ো । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে এডাল ৰড ।

ধাৰণা কৰা হৈছে যে নিশাৰ ভাগত দুৰ্বৃত্তই হত্যা কৰিছিল অচিনাক্ত যুৱকগৰাকীক । আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে(Unidentified youth found in Karimganj) ।

লগতে পঢ়ক : Man died of electric shock : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজন ব্যক্তিয়ে