Unidentified Youth Found Dead : মহানগৰীৰ আজাৰাৰ পথৰ গাঁত উদ্ধাৰ অচিনাক্ত মৃতদেহ
নিউজ ডেস্ক,২২মে’ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Unidentified Youth Found Dead in Guwahati)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।
পুনৰ মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ । মহানগৰীৰ আজাৰাত উদ্ধাৰ মৃতদেহটো(Unidentified Youth Found Dead ) ।
জানিব পৰা মতে,বুধবাৰে পুৱা গুৱাহাটী মহানগৰীৰ আজাৰাৰ বঙৰা ডাঙৰ কৈতাসিদ্ধিত উদ্ধাৰ হয় মৃতদেহটো । পথৰ গাঁতৰ পৰা উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যু কাৰণ ।
লগতে পঢ়ক : Woman On Scooty Loses Life In Accident : স্কুটিৰ খুন্দা ৰৈ থকা ট্ৰাকত; নিহত মহিলা আৰোহী