Unidentified woman’s body found in Barpeta civil hospital : চিকিৎসালয়ত উদ্ধাৰ অচিনাক্ত বৃদ্ধা মহিলাৰ মৃতদেহ
নিউজ ডেস্ক,১১আগষ্ট : বৰপেটা অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়ত উদ্ধাৰ এগৰাকী বৃদ্ধা মহিলাৰ অচিনাক্ত মৃতদেহ । ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
জানিব পৰা মতে , শনিবাৰে বিয়লিৰ ভাগত একাংশ লোকে মহিলাগৰাকীক অনাই-বনাই ঘূৰি থকা দেখা পাই যদিও সন্ধিয়া প্ৰায় ৮ বজাত চিকিৎসালয়ৰ ভিতৰত জিৰণি লোৱা আসনত শুই থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে । ইফালে নিশাৰ ভাগত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে চিকিৎসালয় চৌহদ চোৱা-চিতা কৰাৰ সময়ত মহিলাগৰাকীক শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰি সোধ-পোচ কৰে যদিও কোনো উত্তৰ লাভ নকৰে(Unidentified woman’s body found in Barpeta civil hospital) ।
লগে লগে কৰ্তব্যৰত চিকিৎসকক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শী কৰ্মচাৰীকেইজনে । চিকিৎসক উপস্থিত হৈ প্ৰাথমিক চিকিৎসা আৰম্ভ কৰিবলৈ লৈ মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে । তাৰপিছতে খবৰ পোৱা মাত্ৰকে চিকিৎসালয়খনত উপস্থিত হয় কলগাছিয়া আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত । মৃত মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি সন্দেহ প্ৰকাশ কৰে একাংশই(Unidentified woman’s body found in Barpeta civil hospital ) ।
বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকী পৰিচয় । বৰ্তমানলৈ কি কাৰণত মহিলাগৰাকীৰ মৃত্যু হ’ল সেয়াও প্ৰকাশ কৰা নাই চিকিৎসকে ।
ইফালে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰে বৰপেটা অসামৰিক চিকিৎসালয়ত ।
লগতে পঢ়ক : Food poisoning case in Majuli : মাজুলীত খাদ্যত বিষক্ৰিয়াৰ ঘটনা;অসুস্থ শিশুসহ ৪জনকৈ লোক