Imam killed by slitting throat : মছজিদৰ ইমামক ডিঙি ৰেপি নৃশংসভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তই

নিউজ ডেস্ক, ৫নৱেম্বৰ : এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । নৃশংসভাৱে হত্যা মছজিদৰ ইমামক । মছজিদৰ ইমামক ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই(Imam killed by slitting throat) ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে দেওবাৰে । দেওবাৰে পুৱা মছজিদৰ ইমানে আজান দি বহি থাকোতে কোনো অচিনাক্ত দুৰ্বৃত্তই হত্য়া কৰি থৈ যায় ।
উল্লেখ্য যে, মাকুমৰ কলাবাৰীস্থিত মছজিদত এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হয় । হত্যাৰ বলি হোৱা ইমাম তেজীব্বুৰ ইছলাম আৰু ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে(Unidentified Miscreant Slits Throat of Imam Inside Mosque) ।
জানিব পৰা মতে, দেওবাৰে পুৱা ৪ বজাত আজান দিবলৈ আহিছিল ইমাম তেজীব্বুৰ ইছলাম। সেই সময়তে মছজিদৰ ভিতৰতে ইমামক আক্ৰমণ কৰে দুৰ্বৃত্তই। এজন প্ৰত্যক্ষদৰ্শীয়ে ইমামক আক্ৰমণ কৰি থকা দেখি আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়(Unidentified Miscreant Slits Throat of ‘Imam’ Inside Mosque in Assam’s Makum)।
প্ৰত্যক্ষদৰ্শীৰ মতে, আক্ৰমণকাৰীজন অচিনাকী আছিল আৰু তেওঁৰ মুখত কোনো আৱৰণ নাছিল। হত্যাকাৰীজনক স্পষ্টভাৱে দেখা বুলিও কয় প্ৰত্যক্ষদৰ্শীগৰাকীয়ে।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মাকুম আৰক্ষী থানাৰ আৰক্ষী দল আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷
আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : Road Accident in Sonitpur : তীব্রবেগী ট্রাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ