Local, Vocal, Global

Unidentified Girl’s Body Found on Railway Tracks : ৰে’ল লাইনত উদ্ধাৰ অচিনাক্ত কিশোৰীৰ মৃতদেহ

ধেমাজি, ১ফেব্ৰুৱাৰী : ৰাজ্যৰ পুনৰ মৃতদেহৰ উদ্ধাৰৰ ঘটনা । পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Unidentified Girl’s Body Found on Railway Tracks) ।

এইবাৰ ধেমাজিত উদ্ধাৰ অচিনাক্ত কিশোৰীৰ মৃতদেহ । ধেমাজিৰ চিচিবৰগাঁৱত উদ্ধাৰ মৃতদেহটো । গাইনদীৰ ৰে’ল লাইনত উদ্ধাৰ কিশোৰীৰ মৃতদেহ। ৰে’ল লাইনত জাবৰেৰে ঢাকি থোৱা অৱস্থাত আছিল মৃতদেহটো।মৃতদেহৰ ওচৰত পৰি আছিল চেণ্ডেল আৰু জেকেট ‌। মৃত কিশোৰী গৰাকীৰ বয়স ১৫-১৮ বছৰ বুলি অনুমান কৰা হৈছে(Unidentified Girl’s Body Found on Railway Tracks in Dhemaji) ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা CRPF-এ পহৰা দিয়া অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো । লোকে হত্যা কৰি ৰে’ল লাইনত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৰাইজে । বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত কিশোৰী গৰাকীৰ পৰিচয় ।

লগতে পঢ়ক : Martyred CRPF Jawan’s Mortal Remains Arrive in Guwahati : ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি