Local, Vocal, Global

Unidentified Body Found in Tinsukia Petrol Pump : পেট্ৰল পাম্পৰ শৌচালয়ত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

তিনিচুকীয়া,৯জুন : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Unidentified Youth Found Dead in Tinsukia)।

এইবাৰ পেট্ৰল পাম্পৰ শৌচালয়ত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ ।

তিনিচুকীয়াত জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

তিনিচুকীয়াৰ চহৰৰ মাকুম পথৰ আছাম এজেন্সি পেট্ৰল পাম্পৰৰ শৌচালয়ত উদ্ধাৰ অৰ্ধগলিত অচিনাক্ত মৃতদেহ৷

জানিব পৰা মতে, পেট্ৰল ডিপুটোৰ শৌচালয়ৰ চাফাই কৰ্মীয়ে মৃত দেহটো প্ৰত্যক্ষ কৰি স্বত্বাধিকাৰীক অৱগত কৰে ৷ ঘটনা সন্দৰ্ভত ডিপুটোৰ স্বত্বাধিকাৰীয়ে ততাতৈয়াকৈ তিনিচুকীয়া সদৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷বৰ্তমানলৈ চিনাক্ত হোৱা নাই অৰ্ধগলিত মৃতদেহটো ।

মৃতদেহটোৰ কাষতে ড্ৰাগছ পুচিঙৰ এটা ইনজেকচন উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ কাৰণ । বৰ্তমান সমগ্ৰ ঘটনা ৰহস্য আৱৰ্তত ।

লগতে পঢ়ক : চৰকাৰে চম্পাৱতী নৈত নিৰ্মাণ কৰা শিলৰ বান্ধে বিপদ মাতিছে দাঁতি-কাষৰীয়া গাঁৱসমূহলৈ