Local, Vocal, Global

Unidentified Body Found in Teok : পথৰ দাঁতিৰ দ’ খাৱৈত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

টীয়ক,১৪ছেপ্তেম্বৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Unidentified Body Found in Teok)।

দুৰ্গাপূজাৰ আনন্দ উল্লাহৰ মাজতে টীয়কৰ জগদুৱাৰত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ। টীয়ক চি কে বি কলেজৰ সমীপত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ দ খাৱৈত উদ্ধাৰ মৃতদেহটো।

জানিব পৰা মতে, সোমবাৰে দুপৰীয়া কোনো পথচাৰীয়ে উক্ত মৃতদেহটো খাৱৈত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত থবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো খাৱৈৰ পৰা উদ্ধাৰ কৰে।

ইফালে উদ্ধাৰ হোৱা মৃতদেহটো কোনো লোকে হত্য়া কৰাৰ সন্দেহ কৰিছে । ঘটনাটো তিনি চাৰি দিনৰ পূৰ্বেই সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষ দৰ্শীয়ে।

বৰ্তমানলৈ ঘটনা সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই । আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

লগতে পঢ়ক : Road accidents in the state during Durga Puja : দুৰ্গাপূজাৰ নৱমী আৰু দশমীত গুৱাহাটীত ৫৯ টাকৈ পথ দুৰ্ঘটনা