Local, Vocal, Global

Unidentified Body Found in Sonapur: মাগুৰচিলা – কলংপুৰ সংযোগী পথৰ পাহাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

সোণাপুৰ,১০আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

এইবাৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মাগুৰচিলাত উদ্ধাৰ মৃতদেহ ।মৃতদেহটো এগৰাকী অচিনাক্ত পুৰুষৰ(Unidentified Body Found in Sonapur)।

শনিবাৰে মাগুৰচিলা – কলংপুৰ সংযোগী পথৰ পৰা কিছু নিলগৰ পাহাৰত উদ্ধাৰ হয় মৃতদেহটো।

এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱৰ লগে লগে ক্ষেত্ৰী আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও ঘটনা সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : ধিঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ ৭ সৰবৰাহকাৰী