Local, Vocal, Global

Unidentified Body Found in Sipajhar : ছিপাঝাৰৰ কুৰুৱাৰ পৰ্যটস্থলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ছিপাঝাৰ,১১জানুৱাৰী : পুনৰ ৰাজ্যত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Unidentified Body Found in Sipajhar)।

ছিপাঝাৰৰ কুৰুৱাৰ পৰ্যটস্থলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ৰাতিপুৱা গৰু এৰাল দিবলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। কোনাবাই হত্যা কৰি মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘঠনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উদ্ধাৰ হোৱা মৃতদেহটো আনুমানিক ৪৫/৫০ বছৰৰ পুৰুষৰ । ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলজুৰি।

লগতে পঢ়ক :Bilasipara News:নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ আৰক্ষী বিষয়াৰ