Local, Vocal, Global

Unidentified Body Found in Kaliabor: কলিয়াবৰত উদ্ধাৰ এটা অচিনাক্ত মহিলাৰ মৃতদেহ

কলিয়াবৰ,১৩আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

কলিয়াবৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। মিছা নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী মহিলাৰ(Unidentified Body Found in Kaliabor)।

জানিব পৰা মতে, মিছা নৈত ওপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো । তাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতেদহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী,আটক এজন