Unidentified Body Found in Jorhat : উৱলি যোৱা অৱস্থাত গটঙা চাহ বাগিছাত উদ্ধাৰ অচিনাক্ত মৃতদেহ
যোৰহাট,২২আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
যোৰহাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ । উৱলি যোৱা অৱস্থাত গটঙা চাহ বাগিছাত উদ্ধাৰ মৃতদেহ(Unidentified Body Found in Jorhat)।
জানিব পৰা মতে, গটঙা চাহ বাগিছাৰ এটা নলাত পৰি আছিল মৃতদেহটো। হঠাতে প্ৰত্যক্ষ কৰে চাহ বাগিছাৰ শ্ৰমিকে ।লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰম্ভ কৰে তদন্ত । কিন্তু বৰ্তমানলৈ মৃতদেহটো চিনাক্ত হোৱা নাই ।
ইফালে আৰক্ষী মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।