Unidentified Body Found: ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ
জামুগুৰিহাট,১৫ফেব্ৰুৱাৰী: পুনৰ ৰাজ্যত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ(Unidentified Body Found)।
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Unidentified Body Found in Jamugurihat)।
জামুগুৰিহাটৰ ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত অঘটন। ষ্টেচনটোৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷
শনিবাৰে পুৱা প্ৰায় ৭-০০ বজাত ৰে’লৰ লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি উদ্ধাৰ হোৱা লোকজনৰ বয়স প্ৰায় ৪০ বছৰ হ’ব।
ৰে’ল লাইনত খণ্ড- বিখণ্ড অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে ৰে’ল আৰক্ষীক খবৰ দিয়ে ৷ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷
অৱশ্যে মৃতদেহটো এতিয়াও চিনাক্ত কৰিব পৰা নাই।