Local, Vocal, Global

Unidentified Body Found in Jagiroad :কপিলী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

জাগীৰোড,২১ছেপ্তেম্বৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Unidentified Body Found in Jagiroad)।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ জাগীৰোডৰ হাতীয়ামুখত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

হাতীয়ামুখৰ কপিলী নৈৰ পানী জুৱলিত উপঙি আছিল মৃতদেহটো।পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।হাতীয়ামুখৰ গাঁওপ্ৰধানে লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে টনাস্থলীলৈ ৰাওনা হৈছে জাগীৰোড আৰক্ষী ।

জানিব পৰা মতে,উদ্ধাৰ হোৱা মৃতদেহটো ধৰমতুলৰ প্ৰায় ৩০ বছৰীয়া যুৱকৰ বুলি সন্দেহ ।

লগতে পঢ়ক:Road Accident in Sipajar : শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা