Unidentified Body Found in Hatsingimari : গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ

নিউজ ডেস্ক,২২জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
এইবাৰ গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ(Unidentified Body Found in Hatsingimari) ।
হাটশিঙিমাৰীৰ সুখচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সুখচৰত গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ।
জানিব পৰা মতে, ভুতিয়াডাঙ্গাত পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। কোনোবাই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ। মৃতদেহ উদ্ধাৰৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি অঞ্চলজুৰি। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সুখচৰ আৰক্ষীয়ে।
লগতে পঢ়ক : BJP leader quits party : বিজেপি ত্যাগ কৰাৰ দিশে ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ