Unidentified Body Found in Goalpara : দলঙৰ তলত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,১৯ছেপ্তেম্বৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Unidentified Body Found in Goalpara)।
এইবাৰ গোৱালপাৰাৰ মাটিয়াৰ দমনীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ। দমনী দলঙৰ তলত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
দলঙৰ তলত পানীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ।লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰু
মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।