Unidentified Body Found in Goalpara : পৰিত্যক্ত অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক,২২জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
পুনৰ ৰাজ্যত উদ্ধাৰ অচিনাক্ত মৃতদেহ । গোৱালপাৰাৰ কৃষ্ণাইৰ চেনীমাৰীত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ।উদ্ধাৰ হোৱা মৃতদেহ যুৱতীৰ বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহটো ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে(Unidentified Body Found in Goalpara) ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । দুৰ্বৃত্তই যুৱতীগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।