Unidentified Body Found in Doboka : ডবকাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ
নিউজ ডেস্ক,১৫জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । এইবাৰ ডবকাৰ চাংমাজিৰ নিশাৰী নৈত উদ্ধাৰ মৃতদেহ । সোমবাৰে পুৱা স্থানীয় লোকে উদ্ধাৰ কৰে এটা যুৱকৰ মৃতদেহ। বৰ্তমানলৈ চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো পৰিচয়(Unidentified Body Found in Doboka)।
মৃত যুৱকজনৰ পিন্ধনত আছে ক’লা হাফপেণ্ট। মৃত লোকজনৰ বয়স আনুমানিক ৪০-৪৫ বছৰ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয়লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক : Road Accident in Karimganj : ৰৈ থকা ডাম্পাৰত খুন্দা এল্টো বাহনৰ;আহত তিনিজন