Local, Vocal, Global

Unidentified Body Found in Chirang : চম্পাৱতী নৈৰ ৰেল দলঙৰ তলত উদ্ধাৰ অচিনাক্ত পুৰুষৰ মৃতদেহ ;মৃতদেহৰ ওচৰত উদ্ধাৰ চেণ্ডেল আৰু গামোছা

নিউজ ডেস্ক,১২জুন : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Unidentified Body Found in Chirang) ।

এইবাৰ চিৰাঙত উদ্ধাৰ মৃতদেহ । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ চম্পাৱতী নৈৰ ৰেল দলঙৰ তলত উদ্ধাৰ হয় অচিনাক্ত পুৰুষৰ মৃতদেহ ।

স্থানীয় লোকে প্ৰত্যক্ষ কৰা মতে,মৃতদেহটোত বগা ৰঙৰ গেঞ্জী আৰু নীলা ৰঙৰ জীনচ্ পেন্ট পৰিহিত আৰু গেঞ্জীত তেজৰ দাগ লাগি আছে । মৃতদেহৰ মুখমণ্ডল জঙ্ঘলৰ ভিতৰত সোমাই আছে ।

মৃতদেহৰ ওচৰত এযোৰ চেণ্ডেল আৰু গামোছা পৰি আছে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু আৰপিএফ ৰ লোক উপস্থিত আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।বৰ্তমানেও ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰিব পৰা পোৱা নাই ।

লগতে পঢ়ক : Ambubachi Mela 2024 : সমাগত অম্বুবাচী মহাযোগ;অম্বুবাচী মেলা সন্দৰ্ভত কামাখ্যা মন্দিৰৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক