Unidentified Body Found in Bihali : বিহালীৰ দক্ষিণ ৰাংছালী ঘাটত উদ্ধাৰ দুটাকৈ অচিনাক্ত মৃতদেহ
নিউজ ডেস্ক,২ছেপ্তেম্বৰ : পুনৰ ৰাজ্যত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ ।এইবাৰ বিহালীৰ দক্ষিণ ৰাংছালী ঘাটত উদ্ধাৰ দুটাকৈ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহ দুটা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ । ব্ৰহ্মপুত্ৰত উটি অহা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ দুটা।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত বিহালী আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰে।
জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহ দুটা বৰ্তমানেও চিনাক্ত হোৱা নাই ।
লগতে পঢ়ক : Assam Youth Missing in Train : কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈ সন্ধানহীন টিংখাঙৰ জোন গগৈ