Local, Vocal, Global

Odisha train tragedy : বৰ্তমানেও ওলোৱা নাই বহু মৃতদেহৰ পৰিচয়

নেশ্যনেল ডেস্ক, ৪জুন’: শুকুৰবাৰে নিশা ওড়িশাৰ বালাশ্বৰ জিলাত সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা।এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল এখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত। ফলত ৩০০ গৰাকী(Odisha Train Tragedy) যাত্ৰী নিহত হোৱাৰ বিপৰীতে ১০০০ৰো অধিক যাত্ৰী আহত হোৱাৰ তথ্য পোৱা গৈছে (Collision occurred between passenger train and goods train)। আহত যাত্ৰীসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত( 288 people died and over 1000 were left injured) ৷

ঘটনাস্থলীত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ দুৰ্ঘটনাস্থলীত বৰ্তমানেও দ্ৰুতগতিত ৱাৰফুটিং পুনৰুদ্ধাৰৰ কাৰ্য চলি আছে। ইয়াৰ বাবে দুৰ্ঘটনাস্থলীত ১০০০ৰো অধিক শ্ৰমিক নিয়োগ কৰা হৈছে আৰু এই মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ স্থানত পুনৰুদ্ধাৰৰ কাম দিনে-নিশাই চলি আছে।

এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত নিহত হোৱা লোকসকলৰ ভিতৰত বহু লোকক এতিয়াও চিনাক্ত হোৱা নাই।বৰ্তমানেও মৃতকৰ বহুলোকৰ পৰিয়ালৰ সন্ধান পোৱা নাই। বৰ্তমান সকলো মৃতদেহ বালেশ্বৰৰ পৰা আঁতৰাই অনাৰ চেষ্টা চলাই আছে ।

তথ্য অনুসৰি, ওড়িশা চৰকাৰে সিদ্ধান্তই লৈছে যে, মৃতদেহবোৰ যাতে ভালদৰে সংৰক্ষণ কৰিব পৰা যায় তাৰবাবে মৃতদেহবোৰ ৰাজধানী ভুৱনেশ্বৰলৈ লৈ অনা হৈছে(Unidentified bodies to be brought to Bhubaneswar)। ভুৱনেশ্বৰত মৃতদেহ সংৰক্ষণৰ ব্যৱস্থা বালেশ্বৰতকৈ তুলনামূলকভাৱে ভাল বুলি জানিব পৰা গৈছে। গতিকে এই সিদ্ধান্ত লোৱা হৈছে বুলি ওড়িশাৰ মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই( Chief Secretary Pradeep Kumar Jena) জানিবলৈ দিয়ে।
তেওঁ লগতে কয় যে,এই পৰ্যন্ত আৰু ১৬০টা মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। শনিবাৰে সন্ধিয়া মুখ্য সচিবগৰাকীয়ে কয় যে আমি ১৬০টা মৃতদেহ ভুৱনেশ্বৰলৈ আনিম(160 bodies will be preserved in Bhubaneswar)।আৰু মৃতদেহবোৰ ৰাজধানীৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ মৰ্গত ৰখা হ’ব। ৪২ ঘণ্টা ধৰি মৃতদেহবোৰ সংৰক্ষণ কৰা হ’ব(unidentified bodies will be preserved for 42 hours)। তাৰ ভিতৰত আত্মীয় মানুহ ভুৱনেশ্বৰলৈ আহি মৃতদেহ চিনাক্ত কৰিব পাৰিব। এই সময়ছোৱাত চিনাক্ত কৰিব নোহোৱা সকলো মৃতদেহ কিছু চিকিৎসা পদ্ধতি অনুসৰণ কৰি ওড়িশা চৰকাৰে দাহ কৰি পেলাব।

মুখ্য সচিবগৰাকীয়ে কয় যে এই দুৰ্ঘটনাৰ বাবে ভদ্ৰক আৰু বালেশ্বৰত ৰে’ল সেৱা ব্যাহত হৈ পৰিছে। গতিকে মৃতকৰ আত্মীয়ই পোনপটীয়াকৈ ভুৱনেশ্বৰলৈ আহি মৃতদেহ চিনাক্ত কৰিব পাৰিব। দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা যিবোৰ চিনাক্ত হৈছে সেই মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালকেইটাক গতাই দিয়া হৈছে। চিনাক্ত নোহোৱা লোকসকলৰ মৃতদেহ বালেশ্বৰৰ বাহাংগা হাইস্কুল(unidentified bodies are kept at the Bhanaga High School) আৰু নৰ্থ ওড়িশা চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অস্থায়ী মৰ্গত ৰখা হৈছে( North Orissa Chamber of Commerce and Industry)। তাৰ পৰাই ভুৱনেশ্বৰলৈ প্ৰেৰণ কৰা হ’ব মৃতদেহবোৰ। ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক : Anti Collision System For Trains: কৱচ, ৰেলৰ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰা এক সংঘৰ্ষ-বিৰোধী ব্যৱস্থা