Unfortunate death of a baby elephant in Tezpur : তেজপুৰত বনৰীয়া হাতীৰ পোৱালিৰ আকস্মিক মৃত্যু
নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ পোৱালীৰ মৃত্যু হৈছে। নিশা তেজপুৰৰ পশ্চিম শোণিতপুৰত বনৰীয়া হাতীৰ পোৱালীৰ মৃত্যু (Unfortunate death of a baby elephant in Tezpur)।
বৰ্তমান ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমি সকলক। এইবাৰ তেজপুৰৰ পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বিহগুৰিত এটা পোৱালি হাতীৰ মৃত্যু হয় ৷ জানিব পৰা মতে, শনিবাৰে নিশা বিহগুৰি কলিতাগাঁৱত প্ৰায় ১০ টা হাতীৰ জাকে প্ৰৱেশ কৰিছিল । সেই দলটোত অসুস্থ অৱস্থাত দেখা গৈছিল এটা পোৱালি হাতীক ।
শনিবাৰে নিশা বন বিভাগৰ লোকসকলে বনৰীয়া হাতীৰ জাকটোক গাঁৱৰ পৰা খেদি পঠিয়াই যদিও শাৰীৰিক অসুস্থতাৰ বাবে পোৱালি হাতীটো উক্ত স্থানতে ৰৈ যায় ৷ তেনে পৰিস্থিতিত স্থানীয় লোকে নিশা পোৱালি হাতীটোৰ বাবে খাদ্যৰ ব্যৱস্থা কৰে যদিও অৱশেষত মৃত্যুক আঁকোৱালি লয় হাতীটোৱে(Unfortunate death of a baby elephant in Tezpur) ।
পশ্চিম শোণিতপুৰৰ সহকাৰী বন সংৰক্ষক গৌতম মহন্তই জনোৱা মতে সম্প্ৰতি মৃত হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে । পৰীক্ষাৰ ফলাফলৰ পিচতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব । কিন্তু মৃত পোৱালি হাতীটোৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ দাগ নাই ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ সময়তো যদি মৃত্যুৰ কাৰণ জানিব পৰা নহয়, তেন্তে মৃত্যুৰ কাৰণ জানিবলৈ মৃত হাতীটোৰ তেজৰ নমুনা ফৰেনছিক বিজ্ঞান বিভাগলৈ প্ৰেৰণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে ৷
বিষয়াগৰাকীয়ে লগতে কয় যে সচৰাচৰ এই সময়ত বনৰীয়া হাতী জনাঞ্চললৈ অহা দেখা নাযায় ৷ কাৰণ বেছিভাগ খেতিপথাৰতে ধান বা শস্য নাথাকে আৰু পথাৰবোৰ খালী হৈ থাকে । ৰাজ্যৰ ভিন্ন প্ৰান্তত হস্তী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে বিহগুৰিত হাতী পোৱালিটোৰ আকস্মিক মৃত্যুক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।