Local, Vocal, Global

Unfortunate death of a baby elephant in Numaligarh :বগীঢলা চাহ বাগিচাত বন্যহস্তীৰ পোৱালিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,১৫অক্টোবৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যত হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু(Unfortunate death of a baby elephant in Numaligarh)।

নুমলীগড়ৰ বগীঢলা চাহ বাগিচাত সংঘটিত হৈছে অঘটন।বগীঢলা চাহ বাগিচাত এটা বন্যহস্তীৰ পোৱালিৰ কৰুণ মৃত্যু হয়। চাহ বাগিচাখনৰ এটা নলাত সোমাই মৃত্যু হয় হাতী পোৱালিটোৰ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

জানিব পৰা মতে, দীৰ্ঘদিনে বাগিচাখনত অৱস্থান কৰি আছিল হাতীৰ এটা জাকে।

লগতে পঢ়ক :Unidentified Body Found in Teok : পথৰ দাঁতিৰ দ’ খাৱৈত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ