Local, Vocal, Global

Under construction railway bridge collapses : নিৰ্মীয়মাণ ৰে’লৱে দলং খহি মৃত্যু ১৭ জন শ্ৰমিকৰ

নেশ্যনেল ডেস্ক, ২৩আগষ্ট: মিজোৰামত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন নিৰ্মীয়মাণ ৰে’লৱে দলং খহি মৃত্য়ু কেইবাগৰাকী শ্ৰমিকৰ ।

বুধবাৰে মিজোৰামৰ ৰাজধানী আইজলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । বুধবাৰে ১১মান বজাত মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ নিলগৰ ছাইৰাং অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো(Under construction railway bridge collapses near Sairang 17 dead)।

জানিব পৰা মতে,মিজোৰামৰ ৰাজধানী আইজল ছাইৰাং অঞ্চলত এখন ৰে’লৱে দলং নিৰ্মীয়মাণ অৱস্থাত আছিল আৰু শ্ৰমিকসকলে কাম কৰি থকাৰ সময়তে নিৰ্মীয়মাণ ৰে’লৱে দলঙ খন খহি পৰে । এই ভয়ংকৰ ঘটনাৰ ফলত ৪০জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰকৃততে ইয়াত কিমানজন লোক আছিল সেই বিষয় এতিয়ালৈকে জানিব পৰা হোৱা নাই(Under construction railway bridge collapses) ।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য় অনুসৰি এই পৰ্যন্ত ১৭জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই বহু শ্ৰমিকৰ মৃতদেহ। য়ং মিজু এছচিয়েশ্যনৰ ছাইৰাং ব্ৰাঞ্চে উদ্ধাৰ অভিযান চলাই আছে।

উল্লেখ্য যে, এই নিৰ্মীয়মাণ ৰে’লৱে দলংখন ভাৰতীয় ৰে’লৱেৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীক সংযোগ কৰাৰ ব্যয়বহুল প্ৰকল্পৰ আধাৰত নিৰ্মাণ কৰি থকা হৈছিল। যোৱা কিছু বছৰ ধৰি অতি বিপদসংকুল ভাৱে এই দলংখন নিৰ্মাণ কৰি থকা হৈছিল।অৱশ্যে দুৰ্ঘটনা সন্দৰ্ভত এতিয়ালৈকে উত্তৰ পূৱ ৰে’লৱেৰ ফালৰ পৰা আনুষ্ঠানিক ভাৱে কোনো কথা কোৱা নাই (17 killed after under construction railway bridge collapses in Mizoram)।

এই ঘটনা সন্দৰ্ভত উত্তৰ পূৱ ৰে’লৱেৰ মুখ্য জনসম্পৰক্ষী বিষয়া সব্যশাচী দেয়ে কয় যে, এই দুৰ্ঘটনাৰ কাৰণ আৰু এই দুৰ্ঘটনাত হতাহতি হোৱা লোক সংখ্যা কিমান এতিয়ালৈকে কোনো তথ্য শুদ্ধকৈ দিবা পৰা অৱস্থাত নাই। তেওঁ পৰৱৰ্তী সময়ত এই বিষয়ে তথ্য সংগ্ৰহ কৰি সংবাদ মাধ্যমৰ আগত সবিশেষ অৱগত কৰিব পাৰিব বুলি জনাই।

লগতে জনসম্পৰক্ষী বিষয়া সব্যশাচী দেয়ে কয় যে, এই শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ওলাই অহা লোকসকললৈ কৃতজ্ঞতা জনাইছে।”

লগতে পঢ়ক :Flyer Vomits Blood On IndiGo Mumbai Ranchi Flight : এয়াৰ ইণ্ডিয়া বিমানত যাত্ৰীৰ মৃত্যু; বিমানৰ ভিতৰতে তেজ বমি কৰি মৃত্যু যাত্ৰীৰ