Umrangso coal mine tragedy: অব্য়াহত আছে উমৰাংছুৰ কয়লাখনিত উদ্ধাৰ অভিযান
নিউজ ডেস্ক,৭জানুৱাৰী : অব্য়াহত আছে উমৰাংছুৰ কয়লাখনিত উদ্ধাৰ অভিযান।অব্য়াহত আছে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে SDRF, NDRF উদ্ধাৰ অভিযান।কিন্তু উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকসকলক(Umrangso coal mine tragedy) ৷
ইফালে বৰ্তমানলৈ জানিব পৰা হোৱা কিমান শ্ৰমিক আৱদ্ধ হৈ আছে । জানিব পৰা হোৱা আৱদ্ধ শ্ৰমিকৰ পৰিচয় ।
আনহাতে কয়লা খনিত আবদ্ধ হোৱা ৩ শ্ৰমিকৰ মৃত্যু হৈছে। ড্ৰোন কেমেৰাত স্পষ্ট হৈছে ৩ শ্ৰমিক ওপঙি থকাৰ দৃশ্য।মৃত ৩ শ্ৰমিকৰ মৃতদেহ বৰ্তমানলৈকে হোৱা নাই উদ্ধাৰ
খবৰ অনুসৰি, উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিক কেইজনৰ ভিতৰত ৩জন দৰঙৰ। এজন নেপালৰ। ২ জন কোকৰাঝাৰৰ। এজন পশ্চিম বংগৰ। এজন শোণিতপুৰৰ আৰু আনজন ডিমা হাচাওৰ। দৰঙৰ শ্ৰমিক তিনিজন ক্ৰমে জাকিৰ হুছেইন, হুছেইন আলী আৰু মুস্তাফা শ্বেইখ। নেপালৰ শ্ৰমিকজনৰ নাম গংগা বাহাদুৰ শেথ। কোকৰাঝাৰৰ শ্ৰমিক দুজন হল- ছাৰফা বৰ্মন, খুশী মোহন ৰায়। আৱদ্ধ হৈ থকা পশ্চিম বংগৰ শ্ৰমিকজনৰ নাম সঞ্জীৱ সৰকাৰ। শোণিতপুৰৰ শ্ৰমিকজনৰ শৰৎ গয়াৰী। আৰু ডিমা হাচাওৰ শ্ৰমিক জনৰ নাম লিজন মাগাৰ।