Uma Chhetry : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা সামৰি স্বগৃহত উমা চেত্ৰী

নিউজ ডেস্ক,১১জুলাই : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা সামৰি বোকাখাতত উপস্থিত ক্ৰিকেটাৰ উমা ছেত্ৰী। এফালে জাতীয় দলত অভিষেকৰ আনন্দ, আনফালে বানত বুৰা ঘৰখনৰ চিন্তা! ৰিয়ান পৰাগৰ সমান্তৰালকৈ ইতিহাস ৰচি ঘৰ পালেহি উমা ছেত্ৰী(Uma Chhetry )।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা সামৰি বোকাখাতত উপস্থিত ক্ৰিকেটাৰ উমা ছেত্ৰী। বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ নিজা ঘৰখনত উপস্থিত হৈয়ে উমাই ব্যক্ত কৰিলে ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত অভিষেক কৰা মুহূৰ্তৰ অভিজ্ঞতাৰ কথা। যোৱা ৭ জুলাইত টি টুৱেণ্টী দলত অভিষেক ঘটা মুহূৰ্তত কি অনুভূতি হৈছিল সেয়াও জনালে উমা ছেত্ৰীয়ে।
উল্লেখ্য সদ্য সমাপ্ত শৃংখলাটো চলি থকাৰ সময়তে উমাৰ ঘৰখন বুৰ গৈছিল বানপানীত। সেই কথাত উদীগ্ন আছিল উমা, তথাপিও নিজৰ খেলৰ বাবে সৰ্বোচ্ছ উজাৰি দিছিল বোকাখাতৰ জীয়ৰী উমাই। আগন্তুক এছিয়া কাপৰ বাবে সাজু হোৱা উমা ছেত্ৰীয়ে অহা ১৫ জুলাইত পুনৰ যোগ দিব ভাৰতীয় দলত ।