ULFA(i) plants bombs in 19 places of Assam : নলবাৰীতো উদ্ধাৰ বোমা সদৃশ সামগ্ৰী
নিউজ ডেস্ক,১৫আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে ৰাজ্যত বোমাতংক । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ । নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৱে ৰাজ্যৰ ১৯ টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিচতে ৰাজ্যত হাহাকাৰ। লগে লগে বোমা বিচাৰি নিৰ্দিষ্ট স্থানলৈ ঢাপলি মেলে আৰক্ষীয়ে ৷
নলবাৰীতো বোমা সংস্থাপনৰ খবৰ লাভৰ পিছত জিলাখনৰ মাজমজিয়াৰ পুৰণি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰৱেশ কৰা পথত স্নিফাৰ ডগ লৈ উপস্থিত হয় আৰক্ষী ৷ উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস(ULFA(i) plants bombs in 19 places of Assam ) ৷
পৰেশ বৰুৱাই বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এই পথৰ এখন পৰিত্যক্ত এম্বুলেন্সত বোমা সংস্থাপন কৰা হৈছে ৷ নলবাৰী আৰক্ষীয়ে উক্ত স্থানত থকা এখন ১০৮ এম্বুলেন্সৰ পৰা বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ক’লা পলিথিনেৰে মেৰিয়াই সামগ্ৰীটো জনসমাগমৰ পৰা নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে ৷
আনহাতে, ৰাইজ তথা কোনো লোকৰ মাজত যাতে একো বিক্ষিপ্ত ঘটনা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ মছজিদ চ’কৰ পৰা বাটা চ’কলৈ এন টি ৰোডটো বন্ধ কৰি দিছে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰু তেনে কোনো নিষিদ্ধ সামগ্ৰী ক’ৰবাত আছে নেকি, তাৰ সন্ধানত নলবাৰীৰ এই স্থানত তন্ন-তন্নকৈ আৰক্ষী-প্ৰশাসনে চলাইছে নিৰীক্ষণ ৷ ইতিমধ্যে সেনা বাহিনীকো এই স্থানত নিয়োজিত কৰা হৈছে(ULFA(i) plants bombs in 19 places of Assam) ৷
লগতে পঢ়ক : Independence Day 2024: কলিয়াবৰ মহকুমাৰ প্ৰশাসনৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন ।