ULFA plants bombs in 19 places of Assam : নাৰেংগীত বোমা বিচাৰি আৰক্ষীৰ অভিযান
নিউজ ডেস্ক,১৫আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে ৰাজ্যত বোমাতংক । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ । নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৱে ৰাজ্যৰ ১৯ টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিচতে ৰাজ্যত হাহাকাৰ।
সংগঠনটোৱে দাবী কৰা মতে গুৱাহাটীৰ নাৰেংগীৰ চিডিএ গেটৰ সমীপতো বোমা সংস্থাপন কৰা হৈছে । গুৱাহাটীৰ ৮ টাকৈ স্থানৰ ভিতৰত এই স্থানটোও অন্যতম(ULFA plants bombs in 19 places of Assam)।
আলফা(স্বাধীন)ৰ এনে বিস্ফোৰক প্ৰেছ বিজ্ঞপ্তিৰ পিচতে যুদ্ধকালীন তৎপৰতাৰে নাৰেংগীত বোমা বিচাৰি সাতগাঁও আৰু নুনমাটি আৰক্ষীয়ে অভিযান চলাইছে । সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এ এম পি দাউলাগুফুৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সাতগাঁও চিডিএ গেটৰ সন্মুখত অভিযান চলাইছে ।
বৰ্তমানলৈ কোনো ধৰণৰ বোমা বা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । আৰক্ষীয়ে নলা, পদপথৰ দোকান, ৰখাই থোৱা বাহন আদিকে ধৰি বিভিন্ন বস্তু তন্ন-তন্নকৈ পৰীক্ষা কৰিছে ।
এনে পৰিস্থিতিত নাৰেংগী-সাতগাঁও সংযোগী পথটোও প্ৰশাসনে বন্ধ কৰি দিছে(ULFA plants bombs in 19 places of Assam)।
লগতে পঢ়ক :Two suspected bombs recovered in Sivsagar : শিৱসাগৰৰ দুটা স্থানত উদ্ধাৰ বোমা