ULFA-I Revokes Death Sentence For Alleged State Police Spy Manash Borgohain : চোৰাংচোৱা মানস বৰগোহাঁইৰ মৃত্যুদণ্ড ৰদ

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : চোৰাংচোৱা মানস বৰগোহাঁইৰ মৃত্যুদণ্ড ৰদ৷ আলফা স্বাধীনে বিবৃতিযোগে জনালে এই কথা৷ নিম্ন সদনত চলা বিচাৰৰ অন্তত এই সিদ্ধান্ত ৷
আত্মসংশোধনৰ সুবিধাৰ বাবে আলফা(স্বা)ৰ সেনাধ্যক্ষ লৈ লিখিত আৱেদন।ঘৃণনীয়, জাতিদ্ৰোহী কাৰ্য পুনৰাই নকৰাৰ নিশ্চিয়তা প্ৰদান মানস বৰগোঁইৰ। মানসক বৰগোহাঁইক ১ বছৰ শাৰিৰীক শ্ৰমদানৰ শাস্তি প্ৰদান। ৪ বছৰ আলফা(স্বা)ৰ নিৰীক্ষণত থাকিব মানস বৰগোহাঁই(ULFA-I Revokes Death Sentence For Alleged State Police Spy Manash Borgohain)।
উল্লেখ্য যে, ২১ জানুৱাৰীত চোৰাংচোৱা গিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল মানস বৰগোহাঁইক৷ তাৰ পিছতে এটাৰ পিছত আন ভিডিঅ’বাৰ্তাৰ জড়িয়তে স্বীকাৰোক্তি দিছিল মানস বৰগোহাঁইয়ে । বহু চাঞ্চল্যকৰ অভিযোগ তুলিছিল উচ্চপদস্থ আৰক্ষী বিষয়াৰ ওপৰত(ULFA-I Revokes Death Sentence For Alleged State Police Spy Manash Borgohain) ।