Local, Vocal, Global

ULFA (I) releases three kidnapped miners amidst concerns of blame game : ৩৩ দিনৰ অন্তত আজি মুকলি আকাশৰ তললৈ আহিল আলফা স্বাধীনে অপহৰণ কৰা তিনি ব্যক্তি

নিউজ ডেস্ক,২৩মাৰ্চ : ৩৩ দিনৰ অন্তত ৩ অপহৃত কয়লা মহৰীক মুক্তি আলফা স্বাধীনৰ । ৩৩ দিনৰ অন্তত আজি মুকলি আকাশৰ তললৈ আহিল সংযুক্ত মুক্তি বাহিনী অসমে অপহৰণ কৰা তিনি ব্যক্তি ৷ আজি আলফা স্বাধীনে অৰুণাচল প্ৰদেশৰ নামপুঙৰ লুংভি বস্তিৰ সমীপত মুকলি কৰি দিয়ে লোককেইজনক ৷ কিন্তু শুক্ৰবাৰে পুৱাৰ ভাগতেই অৰুণাচল প্ৰদেশৰ নামপুঙৰ লুম্বিবস্তি অঞ্চলত আলফা স্বাধীনে মুকলি কৰি দিয়াৰ খবৰ বিয়পি পৰিছিল(ULFA (I) releases three kidnapped miners amidst concerns of blame game) ৷

শুক্ৰবাৰে ৩৩ দিনৰ অন্তত তিনিওকে মুকলি কৰি দিয়া হয় যদিও অসম ৰাইফলছৰ পৰা আজিহে জিম্মাত লৈছে অৰুণাচল আৰক্ষীয়ে ৷ বৰ্তমান তিনি অপহৃত ব্যক্তিক অৰুণাচল প্ৰদেশৰ মানমৌ স্থিত অৰুণাচল আৰক্ষী থানাত ৰখা হৈছে ৷

ইতিমধ্যে তিনিওগৰাকীকে অৰুণাচল আৰক্ষীৰ নামপুং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰকীয়ে নিজৰ তত্ত্বাৱধানত স্বাস্থ্য পৰীক্ষা কৰাই সোধা-পোছা অব্যাহত ৰাখে ৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, পৰবৰ্তী সময়ত লোককেইজনক অসম আৰক্ষীৰ জৰিয়তে পৰিয়ালৰ হাতত গতাই দিয়া হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত ফিনভিৰুৰ পৰা অপহৰণ কৰা হৈছিল জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীক । জ্ঞান থাপা আৰু লেখক বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত বুল জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Director of Kaziranga refused the killing of Rhino : কাজিৰঙাত গঁড় নিধন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কাজিৰঙাৰ সঞ্চালিকাৰ