ULFA-I Issues Bold Challenge To DGP GP Singh: DGP জি পি সিঙৰ প্ৰত্যাহ্বান দুই চৰ্ত সাপেক্ষে গ্ৰহণ আলফা স্বাধীনৰ
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : পুনৰ আলফা স্বাধীনৰ প্ৰত্যুত্তৰ জি পি সিঙক । শুকুৰবাৰে কাজিৰঙাৰ সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আলফা স্বাধীনক সাধাৰণ নাগৰিকৰ পৰিৱৰ্তে তেওঁক টাৰ্গেত কৰিবলৈ অপেন চেলেঞ্জ কৰাৰ পাছতে শনিবাৰে প্ৰত্যুত্তৰ দিয়ে আলফা স্বাধীনে(ULFA-I Issues Bold Challenge To DGP GP Singh) ৷
জি পি সিঙৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে স্বাক্ষৰ কৰা এক বিবৃতিত উল্লেখ কৰে যে,
১৫ ডিচেম্বৰ ২০২৩ তাৰিখে জি পি সিঙে সংবাদ মাধ্যমৰ আগত ”সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনক যি প্ৰত্যাহ্বান জনাইছে; উক্ত প্ৰত্যাহ্বান আমি দুটা চৰ্ত সাপেক্ষে গ্ৰহণ কৰিছোঁ।
‘এসপ্তাহৰ বাবে গুৱাহাটীত মুকলিকৈ টহল দিয়ক DGP জি পি সিঙে ‘
‘ থলগিৰি বিষয়া, কনিষ্টবলক নিৰাত্তাৰক্ষী হিচাপে ব্যৱহাৰ পৰিহাৰ কৰক’ ‘ জি পি সিঙে লগত লৈ ফুৰক CRPF অথবা সেনা-জোৱানৰ নিৰাপত্তাৰক্ষী’
DGP এ ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা চলোৱাৰ অভিযোগ আলফা(স্বাঃ) ৰ(Move Freely In Guwahati For A Week Without Security) ।
লগতে বিবৃতিটোত উল্লেখ কৰে যে, বিগত সময়ত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আৰ কে সিঙৰ সৈতে সংঘৰ্ষ হওঁতে আমাৰ হাততেই ভাতৃসদৃশ বহুকেইগৰাকী থলগিৰি বিষয়া/সদস্যই মৃত্যুবৰণ কৰিছিল। এতিয়া আকৌ জি পি সিঙে পুনৰ সেই ভাতৃঘাটি সংঘৰ্ষৰ ৰূপ দিবলৈ বাৰে বাৰে চেষ্টা চলাইছে। সেয়েহে ”সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনে ‘উলুৰ লগত বগৰী পোৰা’ কাৰ্যৰ পৰা বিৰত থাকি জি পি সিঙলৈ উক্ত চৰ্তৰ প্ৰত্যাহ্বান জনোৱা হৈছে(ULFA-I dares Assam DGP GP Singh to move around Guwahati for a week without security)।
উল্লেখ্য যে, যোৰহাটত আলফা (স্বাধীন)-এ সেনা চাউনীত গ্ৰেণেড নিক্ষেপ কৰাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পৰেশ বৰুৱা তথা আলফাৰ নাম নোলোৱাকৈয়ে সাধাৰণ জনতাক লক্ষ্য কৰাতকৈ তেওঁক লক্ষ্য কৰি আক্ৰমণ কৰাৰ প্ৰত্যাহ্বান জনাইছিল। তেওঁ কৈছিল মোৰ ঘৰ কাহিলীপাৰা, অফিচ উলুবাৰী। টাৰ্গেত কৰিলে মোক কৰক।
এতিয়া প্ৰশ্ন হয় আলফা স্বাধীনৰ এই প্ৰত্যাহ্বান কি দৰে গ্ৰহণ কৰে DGP জি পি সিঙে । আলফা স্বাধীনৰ প্ৰত্যাহ্বানক উচিত প্ৰত্যুত্তৰ দিব নে জি পি সিঙে সেয়া লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক :Assam Police in Touch with NIA on Blasts : যোৰহাট সেনা ছাউনীৰ ভয়ংকৰ বিস্ফোৰণ তদন্ত কৰিব NIA ই